SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

দিল্লীৰ এজন ৩৭ বছৰীয়া স্বনামধন্য ব্যৱসায়ে প্ৰতিশোধ তথা অন্ধবিশ্বাসৰ বলি হৈ হাতত তুলি ল’লে হত্যাৰ দৰে চৰম পন্থা। ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে পত্নী পৰিয়ালসহ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বৰুণ অৰোৰা নামৰ ব্যৱসায়ীগৰাকী বৰ্তমান আৰক্ষীৰ জালত। অৰোৰাৰ শাহু মাকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে ব্যৱসায়ীগৰাকীৰ পত্নী চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমানলৈ ক’মাত আছে বুলি জানিব পৰা গৈছে। একে সময়ৰ ভিতৰতেই অৰোৰাৰ খুলশালীৰো মৃত্যু ঘটিছিল। সকলোবোৰ ঘটনাক ভিত্তি কৰি অৰোৰাৰ ওপৰত আৰক্ষীয়ে চলোৱা জেৰাৰ পিছত অৰোৰাই জনাই যে- ৬ বছৰ পূৰ্বেই তেওঁৰ পিতৃৰ মৃত্যু ঘটাৰ পিছতেই তেওঁৰ পত্নী অনিতা শৰ্মাই গৰ্ভধাৰণ কৰিছিল। অৰোৰাই বিশ্বাস কৰিছিল যে ইয়াৰ জৰিয়তেই তেওঁলোকৰ পিতৃৰ পুনৰ তেওঁলোকৰ মাজলৈ উভতি আহিছে । যদিও কিছু অসুবিধাৰ সম্মুখীন হৈ পত্নীয়ে গৰ্ভপাত কৰাবলগীয়া কাৰ্যক কোনোধৰণে অৰোৰাই মানি ল’ব পৰা নাছিল। পৰৱৰ্তী সময়ত সিহতঁৰ জীৱনলৈ সন্তানৰ আগমণ ঘঠিছিল যদিও পত্নীৰ পৰিয়ালবৰ্গই তেওঁ কৰা ঠাট্টাৰ পৰা অতিষ্ঠ হৈ SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ৰ ব্যৱহাৰেৰে পত্নী পৰিয়ালসহ পত্নীক হত্যা কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। ২১ মাৰ্চত বৰুণ অৰোৰা শহুৰ দেউতায়ে আৰক্ষীৰ সম্মুখত সকলো কথা অৱগত কৰাৰ পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে।