Local, Vocal, Global

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

চন ১৯৭৯ ৰ পৰা ১৯৮৫- – – সমগ্ৰ বিশ্বতে চৰ্চা লভা এক আন্দোলনৰ পটভূমি হৈ পৰিল অসম। বিদেশী বিতাড়নৰ দাবীৰে সমগ্ৰ অসমৰ পৰিস্থিতি ৰক্তাক্ত হৈ পৰা উক্ত আন্দোলনৰ নেতৃত্ব লৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে এই আন্দোলনৰ আনুষ্ঠানিক সমাপ্তি ঘটিল।আৰু ইয়াৰ পিছতেই অসম আন্দোলনৰ নেতৃত্বই নিৰ্বাচনী ৰাজনীতিত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিলে। তেওঁলোকৰ সম্বল আছিল অসমীয়া মানুহৰ জাতীয়তাবাদী আবেগ। যি নহওঁক, ১৯৮৫ চনৰ ৯ আৰু ১০ অক্ট’ৱৰ তাৰিখে গোলাঘাটত আছুৱে অনুষ্ঠিত কৰা অভিৱৰ্তনতে জন্ম হ’ল আজি হিন্দুত্ববাদী ৰাজনৈতিক শক্তিৰ বোকোচাত উঠি অসমত জাতীয়তাবাদ সবল কৰাৰ হুংকাৰ দিয়া, নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰী বিজেপিৰে মিত্ৰতাপাশত আৱদ্ধ হৈ থাকিও নিজকে দুৰ্ঘোৰ জাতীয়তাবাদী বুলি দাবী কৰা কেশৱ মহন্ত, অতুল বৰা ,ফণীভূষণ চৌধুৰীৰ অসম গণ পৰিষদ। এই অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল এইবাৰৰ বিধানসভা নিৰ্বাচনত টিকট বঞ্চিত প্ৰফুল্ল কুমাৰ মহন্ত, যিগৰাকী মহন্তৰ নেতৃত্বাধীন চৰকাৰখনৰ নানান অপকৰ্মৰ বাবেই ১৯৮৫ ৰ অভিষেক নিৰ্বাচনতে ৬৪ খন আসন লাভেৰে চমক দিয়া অগপক ৰাইজে ১৯৯১ ত বিদায় জনাইছিল আৰু পুনৰ আদৰি লৈছিল কংগ্ৰেছক।মাথো পাঁচটা বছৰৰ বিৰতিত অসম আন্দোলন দমনৰ নামত কংগ্ৰেছ চৰকাৰে পিঠিত দিয়া বেটৰ কোব, বেয়নেটৰ খোঁচ পাহৰি পেলাইছিল অসমীয়াই- – – ইয়াৰ পৰাই বুজিব পাৰি ১৯৮৫ ৰ পৰা ১৯৯০ লৈ প্ৰফুল্ল মহন্ত এণ্ড কোম্পানীয়ে কিভাৱে অসমীয়াক আশাহত কৰিছিল! যি নহওঁক, ইয়াৰ পিছতো ১৯৯৬ ত অগপ ই পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিছিল আৰু সেইবাৰ প্ৰফুল্ল মহন্তৰ নাম সাঙোৰ খাইছিল বিভীষিকাময় গুপ্তহত্যাৰ সৈতে।আনহাতে অসমৰ অৰ্থনীতিৰ কঁকাল সেইসময়ত কিভাৱে ভাঙি পৰিছিল, কৰ্মচাৰীয়ে মাহৰ পিছত মাহ দৰমহা পোৱা নাছিল, কিভাৱে আলফা-ছালফাৰ দৌৰাত্ম্যত সৰ্বত্ৰ বিভীষিকাময় পৰিস্থিতিৰ সূচনা হৈছিল সেই কথা হয়তো আজি অসমীয়াই সুঁৱৰিবও নিবিচাৰিব।এইদৰেই অগপৰ অতীত বিচাৰ কৰিলে আমি পাওঁ প্ৰতাৰণা আৰু অকৰ্মণ্যতাৰ এক জীৱন্ত দলিল।আৰু আজি সেই অগপয়েই নতুন ৰূপত ৰাষ্ট্ৰীয়তাবাদৰ সৈতে ক’কটেইল হৈ অসমীয়াৰ সন্মুখত পুনৰ আহিছে।যিদৰে আহিছিল ২০১৬ ত সেইদৰেই এইবাৰো আপোনাৰ পদূলিত হাজিৰ হৈছে- – অতুল, কেশৱ, ফণী। দাবী একেই- – তেওঁলোক অসমৰ আঞ্চলিকতাবাদৰ প্ৰতিভূ। পিছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে অগপৰ আজিৰ আঞ্চলিকতাবাদৰ ভিত্তি কি?অগপ ৰ নিজা ভোটাৰ কিমান। প্ৰতীক পটটোৰ বাহিৰে অগপৰ আছেনো কি?মানুহে প্ৰশ্ন কৰে- – বিজেপিৰ ভোট খিনি বাদ দিলে অতুল বৰা, কেশৱ মহন্ত অথবা ফণীভুষণ চৌধুৰীয়ে কিমানটা ভোট লাভ কৰিব? প্ৰশ্ন কৰা মানুহবোৰে উলিয়াইছে ২০১৮ ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। স্মতৰ্ব্য যে উক্ত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পৰা জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ২১২ গৰাকী প্ৰাৰ্থী। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল ১৪৭ গৰাকী, এ আই ইউ ডি এফৰ ২৬ গৰাকী। আৰু আমাৰ জাতীয়তাবাদী অতুল- কেশৱ- ফণীভূষণৰ অগপক ৰাইজে দিলে মাত্ৰ ১৯ গৰাকী বিজয়ী প্ৰাৰ্থী!আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ততো অগপৰ এই নিৰ্লজ্জ পৰাজয়ৰ ধাৰা অব্যাহত আছিল। উক্ত পঞ্চায়ত নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা নাছিল, হয়তো সেইবাবেই এনে ফলাফল অৱশ্যাম্ভাৱী আছিল।আৰু এই ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই বিজেপিবিহীন অগপ কিমান দুৰ্বল সেয়া বুজিব পাৰি। এনে সময়ত বহুতেই কৈছে- – – অগপ হেনো এতিয়া কেইজনমান নিৰ্দিষ্ট মানুহৰ ৰাজনৈতিক সংস্থাপনৰ এক মঞ্চহে। কেইজনমান মানুহক মন্ত্ৰী আৰু বিভিন্ন ব’ৰ্ডৰ অধ্যক্ষ পদত অধিস্থিত কৰি ৰখাৰ স্বাৰ্থতেই আঞ্চলিকতাবাদৰ নামত অসম গণ পৰিষদ দলটোক জীয়াই ৰখা হৈছে।মানুহে কোৱা এই কথাবোৰ একেবাৰেই ভুল যেনো নালাগে, কিয়নো অগপৰ আজিৰ আদৰ্শগত স্থিতি সঁচাকৈয়ে দ্ব্যৰ্থবোধক। নাগৰিকত্ব সংশোধনী আইন ৰ মূখ্য পৃষ্ঠপোষক দল এটাৰ প্ৰত্যক্ষ ছত্ৰছায়াত লালিত পালিত অগপ এটা আঞ্চলিকতাবাদী, জাতীয়তাবাদী ৰাইজৰ দল কিদৰেনো হ’ব পাৰে সেয়া বহু মানুহৰ বাবেই আজি সাঁথৰ।বহুতৰেই সন্দেহ- – – অসমৰ অৱশিষ্ট জাতীয়তাবাদী ভোটাৰ সকলক পৰ্যায়ক্ৰমে হিন্দুত্ববাদীৰ গেৰুৱা সাজ পিন্ধোৱাৰ এক মিছনতহে নামিছে অগপ! এই উদ্দেশ্যত সফল হ’লেই আজিৰ অগপ চামিল হ’ব বিজেপিত। ইফালে প্ৰফুল্ল মহন্তৰ মাজত আজিও প্ৰকৃত অসমীয়া জাতীয়তাবাদৰ ৰঙ-ৰস দেখা মানুহবোৰে কয়- – – দলীয় নেতৃত্বৰ বিপৰীত শিৱিৰত অৱস্থান গ্ৰহণ কৰা প্ৰফুল্ল মহন্ত, বৃন্দাবন গোস্বামীৰ দৰে নেতাসকলক অতি কৌশলেৰে নিৰস্ত্ৰ কৰি হেনো অগপৰ ত্ৰিমূৰ্তিয়ে দলটোক বিজেপিত সহজে চামিলৰ বাবে মঞ্চহে তৈয়াৰ কৰিছে! যি নহওঁক, চলি থকা এইবোৰ চৰ্চাৰ মাজতে আহি থকা দিনত কি হ’ব সেয়া সঁচাকৈয়ে লক্ষ্যণীয় হ’ব। ২০২১ য়েই হ’ব নেকি অগপৰ শেষ নিৰ্বাচন সেই প্ৰশ্নও এতিয়া উঠিছে।অসমৰ জাতীয়তাবাদী ভোটাৰে এইবাৰ অগপৰ সলনি অজাপ বা ৰাইজৰ দলক অধিক সুবিধাজনক বুলি জ্ঞান কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। আৰু সেয়া সঁচাকৈয়ে হ’বলৈ হ’লে বিজেপিৰ ওচৰত অগপ ৰ মূল্য কিমান ৰ’ব সেয়াও চাবলগীয়া কথা।হয়তো সম্ভাৱনাহীন, দুৰ্বল অগপ ক বাদ দি বিজেপিয়ে নতুন আঞ্চলিকতাবাদী মিত্ৰৰো সন্ধান কৰিব পাৰে।সেয়া হ’লে বিপিএফ ৰ দৰে দুৰ্দশাই যে অগপৰো হ’ব সেয়া খাটাং।