Local, Vocal, Global

১৯৬ কোটি টকাৰ ক্ষতিপূৰণ জৰ্জ ফ্লয়েডৰ পৰিয়াললৈ

 

যুক্তৰাষ্ট্ৰৰ আৰক্ষীৰ হাতত মৃত্যু ঘটা কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডৰ কথা আপোনাৰ মনত আছেনে?
বিগত বৰ্ষত এটা চিগাৰেটক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এটা ঘটনাৰ পৰিণতিত আমেৰিকাৰ ৰাজপথত আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱাইছিল ফ্লয়েডে।শেহতীয়াকৈ ফ্লয়েড হত্যাৰ গোচৰটো নিষ্পত্তি হোৱাৰ পিছত আমেৰিকাৰ মিনিয়াপলিচ চিটী কাউন্সিলে জৰ্জ ফ্লয়েডৰ পৰিয়ালক ২ কোটি ৭০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ১৯৬ কোটি টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে।তাৰ লগতে যুক্তৰাষ্ট্ৰৰ যিজন আৰক্ষীৰ আঁঠুৰ চেপাত শ্বাসনলী ছিঙি ফ্লয়েডে মৃত্যুবৰণ কৰিছিল,সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে হত্যাৰ বিচাৰ চলিছে আদালতত।
জৰ্জ ফ্লয়েডৰ মৃত্যুয়ে যুক্তৰাষ্ট্ৰত সৃষ্টি কৰিছিল ব্যাপক হিংসাত্মক ঘটনাৰ।সূচনা কৰিছিল কৃষ্ণাংগ বিদ্ৰোহৰ।