Local, Vocal, Global

ZOMATO BOY ৰ বিতৰ্কত এইবাৰ সোমাই পৰিল অভিনেত্ৰী পৰিণীতি চোপ্ৰা

শেহতীয়াকৈ বাংগালুৰুৰ হিতেশ চন্দ্ৰানী নামৰ এগৰাকী মহিলাই  ZOMATO ৰ এজন খাদ্য যোগান ধৰা ল’ৰাই আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু এই ঘটনাটোৰ সত্যতাক লৈ সমগ্ৰ দেশবাসীৰ মাজত এতিয়া খলকনিৰ সৃষ্টি হৈছে৷

শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত এইবাৰ সহায়ৰ হাত বঢ়াবলৈ আগুৱাই আহিছে পৰিণীতি চোপ্ৰা৷ পৰিণীতিয়ে ZOMATO ক অনুৰোধ কৰে যে  ZOMATO এ ঘটনাটোৰ সত্যতা অতি শীঘ্ৰেই বিচাৰ কৰি ৰাজহুৱাকৈ প্ৰতিবেদন দাখিল কৰিব লাগে৷ লগতে তেওঁ কয় যে দোষীক অতি শীঘ্ৰেই দণ্ডিত কৰিব লাগে৷ কাৰণ এনে ঘটনা লজ্জাজনক আৰু হৃদয়বিদাৰক৷ এই বিষয়ে ZOMATO ক কিবা সহায়ৰ প্ৰয়োজন হ’লে  সকলো সময়তে সাজু আছে বুলিও মতপোষণ কৰিলে অভিনেত্ৰী গৰাকীয়ে৷