Local, Vocal, Global

বিবাহৰ এবছৰ পিছত মহিলাগৰাকীয়ে গম পালে তেওঁ প্ৰকৃততে পুৰুষ

চীনৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাই বিবাহৰ পিছত সকলো প্ৰকাৰৰ চেষ্টা কৰিও হ’ব পৰা নাছিল গৰ্ভৱতী। এদিন মহিলা গৰাকী এটা দুৰ্ঘটনাৰ  ফলত আঘাত প্ৰাপ্ত হৈ চিকিৎসকৰ ওচৰ চাপিছিল। তাৰ পিছতহে ওলাই পৰিল মহিলাগৰাকী গৰ্ভৱতী হব নোৱৰাৰ প্ৰকৃত ৰহস্য। চিকিৎসকে জনোৱা মতে, যদিও মহিলাগৰাকী দেহৰ গঠন সম্পূৰ্ণৰূপে নাৰীৰ দৰে তথাপিও ভিতৰৰ পৰা তেওঁ এজন পুৰুষহে। কাৰণ মহিলাগৰাকীৰ শৰীৰত আছিল পুৰুষৰ ৱাই ক্ৰম’জম। এই বিৰল অৱস্থা বহু কম লোকৰ তাতহে দেখিবলৈ পোৱা যায়। এই কথা গম পোৱাৰ পিছত মহিলাগৰাকী এতিয়া নিজৰ অস্তিত্বক লৈ উদ্বিগ্ন হৈ পৰিছে।