Local, Vocal, Global

ISRO এ মহাকাশলৈ প্ৰেৰণ কৰিলে ব্ৰাজিলৰ আমজনিয়া-১ উপগ্ৰহ

INDIAN SPACE ORGANIZATON (ISRO) ই আজি আৰম্ভ কৰে ২০২১ ৰ প্ৰথমটো মহাকাশ অভিযান । ভাৰত আৰু ISRO এ ব্ৰাজিলৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰতিষ্ঠানৰ দ্ৱাৰা ডিজাইন ,পৰিচালনা আৰু একত্ৰিত কৰা প্ৰথম উপগ্ৰহ আমজনিয়া-১ মহাকাশলৈ প্ৰেৰণ কৰে ।  আমজনিয়া-১ ৰ লগতে আন ১৮ টা উপগ্ৰহ আজি  মহাকাশলৈ প্ৰেৰণ কৰে ISRO ই । উপগ্ৰহ সমুহ পি এচ এলভি চি -৫১ শ্ৰীহৰিকোটাৰ সতীচ ধাৱন কেন্দ্ৰৰ উক্ষেপন পেডৰ পৰা আজি ৰাতিপুৱা ১০:২৪ বজাত উক্ষেপন কৰা হৈছে । উক্ষেপনৰ প্ৰায় ১৭ মিনিট পাছত আমজনিয়া-১ ৰ ওজনৰ ৬৩৭ কিলোগ্ৰাম সূৰ্যৰ সমকালৰ মেৰু কক্ষপথত প্ৰৱেশ কৰে ।  আমজনিয়া-১ কক্ষপথত সোমোৱাৰ পাছত ISRO ৰ অধক্ষ্য় চিভানে কয় যে তেওঁ অত্য়ন্ত সন্মািনত আৰু গৌৰৱান্দিত অনুভৱ কৰিছে । সেই সময়ত উপস্থিত থকা ব্ৰাজিলৰ বিজ্ঞান , প্ৰযুক্তি আৰু উদ্ভাৱক মন্ত্ৰী মাৰ্কছ চিজাৰ পণ্টেছে কয় যে উপগ্ৰহটো ৰাষ্ট্ৰীয় মহাকাশ প্ৰতিষ্ঠান আৰু  ব্ৰাজিলৰ মহাকাশ সন্থাৰ অভিযন্তা সকলৰ বহু বছৰৰ প্ৰচেষ্টাৰ ফল ।

আমজনিয়া-১ এ ভাৰত আৰু ব্ৰাজিলৰ মাজৰ  সম্পৰ্ক শক্তিশালী  কৰিব বুলি দুয়োখন ৰাষ্ট্ৰই আশা প্ৰকাশ কৰিছে ।