Local, Vocal, Global

অসম সন্তান কৌশিক বৰুৱালৈ আন্তৰ্জাতিক সন্মান

অসম সন্তান কৌশিক বৰুৱালৈ আগবঢ়োৱা হৈছে এক আন্তৰ্জাতিক সন্মান ৷ Royal Order of Sahametrei And Sowathara of Cambodiaৰ অধিনত কৌশিক বৰুৱাক দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ সন্মান৷ অসমৰ কৌশিক বৰুৱা Country Director of the International Fund for Agricultural Development ৰ দেশীয় সঞ্চালক  কম্বোডিয়ান ক্ষুদ্ৰ অংশীদাৰিত্বৰ কৃষি উন্নয়ন, গ্ৰাম্য উন্নয়ন আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই আহিছে বহুতো উল্লেখনীয় অৱদান৷ যাৰ বাবে তেওঁক দিয়া হৈছে এই সন্মান ৷ কৌশিক বৰুৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ আন এগৰাকী বিষয়া ছাককেটশেঠ মেংকুলৈও দিয়া হৈছে এই সন্মান ৷ উল্লেখনীয় যে ২০১৩ চনত কৌশিক বৰুৱাই প্ৰথমখন গ্ৰন্থ ‘উইণ্ড হছ’ৰ্ৰ বাবে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছিল ৷ অসম সন্তান কৌশিক বৰুৱাই কম্বোডিয়ান চৰকাৰৰ পৰা সন্মান লাভ কৰাৰ পাচতেই অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙে অভিনন্দন জনায় ৷ সিঙে কয় যে , অসমৰ বাবে এয়া এক অত্যন্ত গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত ৷