Local, Vocal, Global

যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে

যুগ্ম জীৱনৰ পাতনি মেলিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে ৷ মার্ঘেৰিটাৰ জীয়ৰী নেন্সী ফুকনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল নীল ৷ প্ৰথমতে বন্ধুত্ব, তাৰ পাছত ৫ বছৰীয়া প্ৰেমৰ সম্পর্ক ৷ দেওবাৰে চকলং প্ৰথাৰে সম্পন্ন হ’ল নীল-নেন্সীৰ বিবাহ ৷ নীলৰ ছাতি ধৰা সখী হ’ল আচুর্য বৰপাত্ৰ ৷ বন্ধুত্বৰ পৰা প্ৰেম, প্ৰেমৰ পৰা বিবাহ ৷ আৰু শেষত নীলৰ নামৰ সেন্দূৰ লৈ নেন্সী হৈ পৰিল নীল আকাশৰ অর্ধাংগিনী ৷