Local, Vocal, Global

মাজুলীত প্ৰথমবাৰৰ বাবে মাজুলী জিলা আন্তঃক্লাব ক্ৰিকেট লীগ

মাজুলী জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে মাজুলী জিলা আন্তঃ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাখন ২ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ পৰা গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে।

এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১৩টা দলে অংশগ্ৰহণ কৰিছে। আজিৰ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে গড়মূৰ টাউন ক্লাব আৰু পেন্থাৰ ক্লাব, কমলাবাৰীয়ে। গড়মূৰ টাউন ক্লাবে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২৫ অভাৰত ১৬০ ৰান কৰে। প্ৰত্যুত্তৰত পেন্থাৰ ক্লাবে সকলো উইকেট হেৰুৱাই ৭১ ৰানহে কৰিবলৈ সক্ষম হয়।

খেলখনত গড়মূৰ টাউন ক্লাবে ৮৯ ৰানত জয়লাভ কৰে। ২ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত মাজুলী জিলা ক্ৰিকেট সন্থৰ সভাপতি জিতেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলনেৰে প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই।

মাজুলীত ক্ৰিকেট খেলৰ উত্তৰণত অসম ক্ৰিকেট সন্থাই আগবঢ়োৱা সহযোগিতাৰ বাবে সভাপতি ৰমেন দত্তক উদ্বোধনী অনুষ্ঠানত মাজুলী জিলা ক্ৰিকেট সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তী, জিলা ক্ৰীড়া বিষয়া বিভাষ পাঠক, মাজুলী জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি জগত হাজৰিকা, মাজুলী জিলা পৰিষদৰ সভাপতি পাপু হাজৰিকা দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ ভূঞা, TMPKৰ সভাপতি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।