জুবিনৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাজ্যিক মহিলা আয়োগৰ
পুনৰ বিতর্কত সাঙোৰ খাইছে হার্টথ্ৰব জুবিন গার্গ। হার্টথ্ৰব জুবিন গার্গৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ। বিভিন্ন সময়ত বিভিন্ন মন্তব্যৰ বাবে বিতর্কৰ আউটিত সোমাই পৰা দেখা যায় জনপ্ৰিয় শিল্পীগৰাকীক। এইবাৰ অভিনেত্ৰী নিশিতা গোস্বামীক লৈ কৰা এক মন্তব্যৰ বাবে সৃষ্টি হৈছে বিতর্কৰ। কেইদিনমান পূর্বে এটা ব্যক্তিগত চেনেলৰ এৱার্ড শ্ব’ত নিশিতা গোস্বামীক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগ উঠিছে জুবিনৰ বিৰুদ্ধে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে জুবিনে নিশিতাক উদ্দেশ্যি মন্তব্য কৰা ভিডিঅ’টো।ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে ভিন্নজনৰ মাজত সৃষ্টি হৈছে সমালোচনাৰো। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মহিলা আয়োগে আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰযোগে জুবিনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বাবে আহ্বান জনায়। জুবিনৰ এই মন্তব্যক বিভিন্নজনে সমালোচনা কৰি জুবিনে এগৰাকী নাৰীক ৰাজহুৱা মঞ্চত অপমান কৰিছে বুলি মন্তব্য কৰিছে যদিও অভিনেত্ৰীগৰাকীয়ে জুবিনৰ সেই মন্তব্যক ধেমালি হিচাপে লোৱা পৰিলক্ষিত হৈছে।