Local, Vocal, Global

আহি আছে আলিয়াৰ নতুন ছবি ‘গংগুবাই কঠিয়াৱাৰী’

আহি আছে আলিয়াৰ নতুন ছবি ‘গংগুবাই কঠিয়াৱাৰী’। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ দুটা প্ৰজেক্টৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে।আলিয়াৰ আহিবলগীয়া ছবি দুখন হৈছে ‘ব্ৰহ্মাস্ত্ৰ’ আৰু ‘গংগুবাই কঠিয়াৱাৰী’। বর্তমান সময়লৈকে ব্ৰহ্মাস্ত্ৰ নামৰ ছবিখনৰ কেবল লগ’টোহে ৰিলিজ কৰা হৈছে। ইয়াৰ পৰিৱর্তে গংগুবাই কঠিয়াৱাৰী ছবিখনৰ ইতিমধ্যে আলিয়াৰ লুক আৰু প’ষ্টাৰসমূহ উন্মোচন হৈছে। সঞ্জয় লিলা ভাঞ্চালিৰ দ্বাৰা পৰিচালিত এই ছবিখনত আলিয়াই এখন বেশ্যালয়ৰ স্বত্বাধিকাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। সম্পূর্ণ ৩টা মাহৰ শ্বুটিঙৰ শেষত ছবিখনৰ প্ৰায় সংখ্যক দৃশ্যগ্ৰহণৰ কাম সম্পূর্ণ হৈছে যদিও ছবিখনৰ সৈতে জড়িত আলিয়াৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই।