আপোনাৰ ৰাশি কি ? আজিৰ দিনটো কেনেকুৱা হ’ব
মেষঃ কর্মক্ষেত্ৰত উধ্বর্তনৰ পৰা হাৰাশাস্তি পাব। মানসিকভাৱে দুর্বল হলে অনিষ্ট হ’ব পাৰে। বৰ অনুকূলে খাদ্য গ্রহণ নকৰা হেতু ৰোগৰ সম্ভাৱনা। পুৰণি বন্ধুক হঠাৎ লগ পাই উপকৃত হব।
বৃষঃ জন্মলগ্নত বুধৰ অৱস্থানৰ বাবে শাৰীৰিক ক্ষতিৰ যোগ দেখা যায়।ব্যৱসায়ী, সৰু দোকানী আদিয়ে নতুন ব্যৱসায়, আৰম্ভ কৰিলে লাভৱান হ’ব। আত্মীয়ৰ পৰা অথন্তৰ হ’ব পাৰে।
মিথুনঃ উপস্থিত বুদ্ধিৰ দ্বাৰা আর্থিক দিশত আশানুৰূপ সফলতা পাব। শিক্ষার্থীৰ বাবে নতুনকৈ বিদ্যা আৰম্ভ কৰিলে ফল বিচৰা মতে পাব। গুৰুস্থানীয় লোকৰ পৰা দুখৰ সংবাদ পাব পাৰে।
কর্কটঃ শিল্পীসকলৰ পুৰণি চুক্তি নৱীকৰণৰ যোগ দেখা যায়। কোনো পুৰণি মামলা-মোকর্দমাৰ পৰা উদ্ধাৰ পাব। ভাতৃৰ ধনস্থানৰ সহায়ত সম্পত্তি লাভৰ যোগ আছে। পত্নী আৰু মাতৃৰ দেহৰ পীড়া।
সিংহঃ নিজৰ কথা আনৰ আগত বঢ়াই কলে অনিষ্ট হ’ব পাৰে বা বন্ধুবিচ্ছেদ হোৱাৰ সম্ভাৱনা দেখা যায়। ডাক-তাৰ আৰু খনিজ বিভাগত কাম কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা অপমানিত হোৱাৰ যোগ।
কন্যাঃ বিবাহস্থানৰ অধিপতি প্রসন্ন হোৱা বাবে বিবাহৰ যোগ সূচিত হয়। স্বাস্থ্য সম্বন্ধে সচেতন নহ’লে মানসিক শান্তি বিঘ্নিত হ’ব। তুংগী ৰবিৰ সুদৃষ্টিত ধনস্থান বৰ সবল, অনাকাংক্ষিত ধন লাভৰ যোগ।
তুলাঃ জ্যোতিষী, ঔষধ ব্যৱসায়ী আদিয়ে ৰাজ অনুগ্রহ লাভ কৰাৰ যোগ দেখা যায়। ডিঙি, বুকুৰ ৰোগত ভুগিব পাৰে। ৰাজনীতিত জড়িতসকলৰ শুভ। পুত্র দুর্ঘটনা হ’ব পাৰে।
বৃশ্চিকঃ আৰক্ষী, প্রতিক্ষা বিভাগত চাকৰি লাভৰ যোগ। নিবনুৱাই চাকৰি লাভৰ যোগ দেখা যায়। স্বর্ণ, ৰত্ন, অলংকাৰ ব্যৱসায়ীৰ বাবে ধন আগমনৰ বাট প্রশস্ত। দৈহিক ভাল। কন্যাৰ ৰোগে আমনি দিব।
ধনুঃ আজিৰ দিনটোত অর্থ উপার্জনৰ সুযোগ লাভ কৰিব। জমি, গৃহ ক্ৰয়ৰ যোগ আছে। সামাজিক কাম-কাজত জড়িতসকলে কামৰ স্বীকৃতি লাভ কৰিব। আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব।
মকৰঃ ভাতৃ, বন্ধু, আত্মীয়-কুটুম্বৰ পৰা সহায় লাভ কৰি ব্যৱসায়ত সুফল পাব। শিক্ষার্থীয়ে আনৰ প্ৰৰোচনাত পৰি নিজৰ অমূল্য সময় নষ্ট কৰাৰ যোগ দেখা যায়। মাতৃৰ দেহৰ প্রতি নজৰ ৰাখক।
কুম্ভঃ কৰ্মত জটিলতা, আনৰ দ্বাৰা সমালোচিত হ’ব পাৰে। শনিৰ অশুভ প্রভাৱত ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব। বিদেশী ৰাষ্ট্রৰ পৰা জলপানি লাভ কৰিব পাৰে।
মীনঃ বাণিজ্যত লাভ, কর্মত সফলতা। বিদ্যার্থীয়ে সফলতা লাভৰ যোগ। চিকিৎসা বিজ্ঞান, গৱেষণাত জড়িতসকল সফল হ’ব পাৰে। দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থকা বারে ছাত্রছাত্রীসকলে প্রশংসা লাভ কৰিব। প্রেম-প্রীতিত শুভ।