Local, Vocal, Global

এক জানুৱাৰীৰ পৰা কি কি ম’বাইলত কাম নকৰিব WhatsApp-এ?

২০২১ৰ পহিলা জানুৱাৰীৰ পৰা কোটিৰ ঘৰত ম’বাইল ব্যৱহাৰকাৰীয়ে ম’বাইলত ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছএপ। ভালেসংখ্যক ম’বাইল ফোনৰ কিছুমান মডেলত অকামিলা হৈ পৰিব এই জনপ্ৰিয় নেটৱৰ্কিং এপটো। পুৰণি মডেলৰ বহু স্মাৰ্টফোনত হোৱাটছএপে কাম নকৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে এপটোৰ কৰ্তৃপক্ষই। তাৰ মাজৰে একাংশই  ছফটৱেৰ আপডেট কৰি এপটো ব্যৱহাৰ কৰি থাকিব পাৰিব যদিও আন কিছুমান মডেলত চিৰদিনৰ বাবে কাম নকৰা হ’ব হোৱাটছএপে।

কি কি ফোনত অকামিলা হ’ব WhatsApp?

যিবোৰ iPhoneত iOS9তকৈ তলৰ ছফটৱেৰ চলি আছে সেইবোৰত এক জানুৱাৰীৰ পৰা হোৱাটছএপে কাম নকৰিব। অৰ্থাৎ iPhone4 মডেলত কাম নকৰিব হোৱাটছএপে। iPhone4S, 5, 5S, 5C, 6 আৰু 6S মডেলবোৰ iOS9 লৈ আপডেট কৰিব পাৰি বাবে এইবোৰ মডেলত আপডেট কৰিলেই হোৱাটছএপ ব্যৱহাৰ কৰি থাকিব পাৰিব।

যিবোৰ এনড্ৰইড ফোন Android 4.0.3 বা তাতকৈ তলৰ ভাৰ্ছনত চলি আছে সেইবোৰতো নাথাকিব হোৱাটছএপ। গতিকে এনে পুৰণি ম’বাইল ব্যৱহাৰকাৰীয়ে এক জানুৱাৰীৰ ভিতৰত হোৱাটছএপ শ্বাটৰ বেকআপ ৰখাই উচিত হ’ব।

হোৱাটছএপ বেকআপ কেনেকৈ কৰিব?

আপোনাৰ ম’বাইলত হোৱাটছএপৰ ছেটিঙছলৈ গৈ Chat Backup বিকল্পলৈ যাওক। তাত ক্লিক কৰিলেই আপোনাৰ সেইপৰ্যন্ত সম্পন্ন হোৱা হোৱাটছএপ মেছেজৰ ৰেকৰ্ড একাউণ্টত থাকি যাব। একেসময়তে পুৰণি ম’বাইল সলাই নতুন আৰু হোৱাটছএপ ছাপ’ৰ্ট কৰা ম’বাইল কিনাৰ কথা চিন্তা কৰক।