Local, Vocal, Global

ওহানত কৰ’না সংক্ৰমণৰ খবৰ প্ৰচাৰৰ অপৰাধত ৪ বছৰৰ কাৰাদণ্ড

চীনৰ ওহানত কৰ’না সংক্ৰমণৰ খবৰ লাইভষ্ট্ৰিম কৰাৰ অপৰাধত এজন ‘চিটি জাৰ্নেলিষ্ট’ক চাৰি বছৰৰ কাৰাদণ্ড দিলে চীনৰ ন্যায়ালয়ে । যোৱা মে’ৰ পৰাই ঝাং ঝান নামৰ সাংবাদিকজনক আটক কৰি ৰাখিছিল চীন প্ৰশাসনে । তেওঁৰ বিৰুদ্ধে ‘দেশৰ আভ্যন্তৰীণ কন্দল প্ৰকাশ কৰি সমস্যাৰ সৃষ্টি কৰাৰ’ অভিযোগ উত্থাপন কৰিছে।বিগত বৰ্ষৰ নৱেম্বৰত ওহানৰ পৰাই কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল । সেই ভয়ানক পৰিস্থিতিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল ঝানে । ঝানে অভিযোগ উত্থাপন কৰিছিল যে,‌ চৰকাৰে এই মাৰাত্মক ৰোগৰ সম্পূৰ্ণ তথ্য জনসাধাৰণক দিয়া নাই । ইয়াৰ পাছতেই প্ৰশাসনিক ৰোষৰ সন্মুখীন হয় ঝান । চৰকাৰ বিৰোধী কাম কৰা বুলি অভিযোগ উত্থাপন কৰি ঝানসহ আঠজনক আটক কৰে ।ঝানৰ শাৰীৰিক অৱস্থা ভাল নহয় বুলি জনায় ঝানৰ অধিবক্তাই । তেওঁ কয়, ‘ঝানে মোক কৈছে চৰকাৰৰ কাৰাদণ্ডৰ প্ৰতিবাদত তেওঁ অনিৰ্দিষ্ট কাললৈ অনশন কৰি যাব।’