Local, Vocal, Global

আম্বানি পৰিয়ালৰ নতুন আলহীৰ নাম থ’লে পৃথ্বি

আকাশ আম্বানি আৰু শ্লোকা আম্বানিৰ নৱজাতক পুত্ৰ জন্ম হোৱাৰ দিনটোৰে পৰা দেশজুৰি চর্চাত আছে।১০ ডিচেম্বৰত আম্বানি পৰিয়াললৈ নতুন আলহী আগমনৰ লগে লগে ককাক মুকেশ আম্বানিৰ উছাহৰ অন্ত নাই।জন্মৰ কিছু সময় পাছতেই ককাক মুকেশ আম্বানিয়ে নাতিক কোলাত লৈ শ্বেয়াৰ কৰিছে এখন ফটো।যিখন ফটো মুহূর্ততেই ভাইৰেল হৈ পৰিছে। কেৱল ইমানেই নহয় জন্মৰ পাছৰে পৰাই নতুন আলহীৰ নাম কি ৰখা হ’ব তাকে লৈও দেশজুৰি চর্চা চলিছে।অৱশেষত চর্চাৰ অন্ত পেলালে আম্বানিৰ পৰিয়ালে।অফিচিয়েল ষ্টেটমেণ্ট জাৰি কৰি আম্বানিৰ পৰিয়ালে নতুন আলহীৰ নাম ৰাখিলে পৃথ্বি আকাশ আম্বানি।