Local, Vocal, Global

চৰকাৰে নিদিলে অনুমতি, স্থগিত উত্তৰ-পূব গ্ৰন্থমেলা

ধৰালৈ শীতৰ আগমনৰ লগে লগে প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলাই ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো গ্ৰন্থপ্ৰেমীক বিশেষভাৱে আকর্ষণ কৰি আহিছে। প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলাৰ মাদকতাই সুকীয়া৷ বিশেষকৈ প্ৰতিটো বর্ষতে গ্ৰন্থ ব্যৱসায়ত নতুন নতুন অভিলেখ সৃষ্টি কৰি অহা উত্তৰ-পূব গ্ৰন্থমেলা চৰকাৰৰ সহযোগ নোপোৱাৰ বাবেই স্থগিত হ’ল এইবাৰ।উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰতি অলপো সহযোগ নকৰা চৰকাৰখনক লৈ আচৰিত হৈছে প্ৰকাশক, লেখক আৰু গ্ৰন্থপ্ৰেমী। ১৯৯৮ চনৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা উত্তৰ-পূব গ্ৰন্থমেলা প্ৰথমবাৰৰ বাবে স্থগিত ৰাখিবলৈ হোৱা ঘটনাই উদ্যোক্তাসকলকো হতাশ কৰি তুলিছে। সংবাদ মেল সম্বোধন কৰি উদ্যোক্তাসকলে চলিত বর্ষত গ্ৰন্থমেলা অনুষ্ঠিত নহয় বুলি ঘোষণা কৰাৰ লগতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আগ্ৰহ থাকিলেও চৰকাৰৰ সহযোগিতা নোপোৱাৰ কথা উল্লেখ কৰিছে।