Local, Vocal, Global

গুৱাহাটীত আহি উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আমিনগাঁৱত উপস্থিত হৈয়ে ৰাজ্যিক নেতৃত্বৰে পৰ্য়ালোচনা বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।বিজেপিৰ ক’ৰ কমিতিৰ সৈতেও বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰী গৰাকী।তিনিদিনীয়া ভ্ৰমসূচীৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ । নিশা বৰঝাৰস্থিত বিমানবন্দৰত আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহু কেইজন শীৰ্ষ নেতাই।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সম্ভাষণ জনাবলৈ বিজেপিৰ কাৰ্যকতাসকলে বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ অহা পথছোৱাত ১০হাজাৰ বন্তি প্ৰজলন কৰে । লগতে ৩০০০তকৈ অধিক জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনোৱা হ’ল মন্ত্রী অমিত শ্বাহক ।

আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।  ৪ খনকৈ আঁচনিৰ মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।ৰাজ্যৰ আঠ হাজাৰ নামঘৰলৈ ২৫০০লাখকৈ সাহাৰ্য্য প্ৰদান । বটদ্ৰৱাৰ আন্ত:গাথনিৰ বাবে ১৫০ কোটি সাহাৰ্য্য। গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কৰাৰ লগতে। ৰাজ্যত নতুনকৈ স্থাপন ১০ খন মহাবিদ্যালয়ৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।