প্ৰদূষণৰ তালিকাত দ্বিতীয় স্থানত দিল্লী

পৃথিৱীৰ সবাতোকৈ প্ৰদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থান দখল কৰি কুখ্যাতি অৰ্জন কৰিছে নতুন দিল্লীয়ে। ইয়াৰ পিছতেই, প্ৰথম স্থানত আছে পাকিস্তানৰ লাহোৰ আৰু তৃতীয়স্থানত আছে নেপালৰ ৰাজধানী কাঠমাণ্ডু। গতিকে দেখা যায় য়ে পৃথিৱীৰ ভিতৰতে সবাতোকৈ প্ৰদূষিত চহৰৰ প্ৰথম তিনিটা স্থান লাভ কৰিছে দক্ষিণ এছিয়াৰ দেশ সমূহে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ প্ৰতি ১০ গৰাকী লোকৰ ৯ গৰাকীয়ে প্ৰদূষিত বায়ুৰ পৰা উশাহ লয়। ইয়াৰ ভিত্তিত প্ৰতি বছৰে ঘৰৰ বাহিৰত আৰু ঘৰত হোৱা বায়ু প্ৰদূষণৰ ফলত ৭০ লাখ লোকৰ মৃত্যুৰ কবলত পৰে। ২০১৬ চনত বাহিৰৰ বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৪২ লাখ থকাৰ পৰিবৰ্তে ঘৰৰ ভিতৰত হোৱা বায়ু প্ৰদূষণৰ কবলত মৃত্য হয় প্ৰায় ৩৮ লাখ লোকৰ।