ভাৰত-পাকিস্তান সীমান্তত সংঘৰ্ষ, নিহত ৫ ভাৰতীয় সেনা জোৱান

ভাৰত পাকিস্তান সীমান্তত বৰ্তমানেও অব্যাহত সীমা সংঘাত। যুদ্ধ বিৰতি নীতি উলঙ্ঘা কৰি পুনৰ শুক্ৰবাৰে কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তৰ বিভিন্ন স্থানত পাকিস্তানী সেনাই চলালে আক্ৰমণ। উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ প্ৰতি আক্ৰমণত ৬-৭ গৰাকী পাকিস্তানী সেনা নিহত হয় আৰু কেইবাগৰাকীও আহত হয়।
ইফালে পাকিস্তানী সেনাৰ আক্ৰমণত ৫ গৰাকী ভাৰতীয় সেনা শ্বহীদ হয় লগতে ৬ গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হয়। উল্লেখযোগ্য যে সময়ে সময়ে যুদ্ধ বিৰতি চুক্তি উলঙ্ঘা কৰি আহিছে পাকিস্তানে। ইফালে এই আক্ৰমণত প্ৰাণ আহুতি দিয়ে এগৰাকী অসমৰ এগৰাকী সেনা জোৱানে। শ্বহীদ জোৱান জনৰ নাম হৰধন চন্দ্ৰ ৰায়।২০০১ চনত সেনাবাহিনীত যোগদান কৰা হৰধন চন্দ্ৰ ৰায়ৰ ঘৰ বিলাসী পাৰাত।