Local, Vocal, Global

পোহৰৰ উৎসৱ দিপাৱলীত ব্যস্ত এটি দুবছৰীয়া শিশু

পোহৰৰ উৎসৱ দিপাৱলী সমাগত। দিপাৱলীৰ বাবে ব্যস্ততাৰ সীমা নাই মৃৎ শিল্পীৰ। তীৰ্থনগৰী হাজোৰ কুমাৰপাৰাৰ এটি শিশু । নাম ভায়োলিনা কুমাৰী। দুবছৰীয়া ভায়োলিনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ভায়োলিনাৰ পিতৃৰ নাম পবিত্ৰ কুমাৰ আৰু মাতৃ নাম প্ৰণিতা কুমাৰী। মাত্ৰ দুবছৰ বয়সতে নিজৰ আইতাকক অনুকৰণ কৰি দিপাৱলীৰ বাবে চাকি প্ৰস্তুত কৰাত ব্যস্ত অসাধাৰণ কণমানিটি।কণমানিটিৰ এই কাৰ্য্যত আনন্দিত পিতৃ আৰু মাতৃ।