আজি শিশু দিৱস ।স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন ।

আজি শিশু দিৱস । স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন ।ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে পালন কৰি আহিছে শিশু দিৱস ৰূপে। পণ্ডিত নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল সেয়েহে তেওঁৰ ওপজা দিনটোক শিশু দিৱস হিচাপে উদযাপন কৰা হয় ।জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯চনৰ ১৪ নবেম্বৰত ।
ঘৰুৱা শিক্ষাৰ দ্বাৰাই নেহৰুৰ সৰু কালৰ শিক্ষাৰ আৰম্ভণি হৈছিল। তেখেত আছিল পিতৃ-মাতৃৰ একমাত্র সন্তান। নেহৰুৱে টি ফার্ডিনাণ্ড ব্রুকছ নামৰ এজন আইৰিছ লোকৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল। ১৩ বছৰ বয়সত তেওঁ “থিয়ছফিকেল ছচাইটি” ত যোগ দি প্রাচীন ধর্ম পুথিবোৰ অধ্যয়ন কৰিছিল। মাত্র ১৫ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ’ পাব্লিক স্কুলত ভর্তি হয়। ১৯১০ চনত কেমব্রিজৰ ট্রিনিটি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ১৯১২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহি ওকালতি আৰম্ভ কৰে।
১৯১৬ চনত লক্ষ্ণৌ কংগ্রেজত তেওঁ মহাত্মা গান্ধীক লগ পায়। সেই বছৰতে তেওঁ কমলা কৌলৰ সতে বিবাহ পাশত আৱদ্ধ হয়। দেশৰ স্বাধীনতা আন্দোলনত তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। জেলত থকা সময়ত তেওঁ কেইখনমান বিখ্যাত গ্রন্থ ৰচনা কৰিছিল। সেইকেইখন গ্রন্থ হ’ল ক্রমে – “গ্লিম্পছেছ অব্ ৱর্ল্ড হিষ্টৰি” আৰু “ডিছকভাৰি অব ইণ্ডিয়া”। ১৯৪৫ চনলৈকে তেওঁ মুঠ ৩,২৬২ দিন কাৰাগাৰত কটাবলগীয়া হৈছিল।পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে ১৭ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল ।১৯৫৫ চনত তেওঁক দেশৰ সর্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” প্রদান কৰা হয়।
ওপজা দিনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । দেশৰ আন প্ৰান্তৰ লগতে অসমতো শিশু দিৱসত স্মৰণ কৰা হৈছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক। দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।