Local, Vocal, Global

ভাৰতৰ বজাৰত ইলেক্ট্ৰনিক চাইকেল

কৰ’না সন্ত্ৰাসৰ ফলত সমগ্র দেশতে লকডাউন হোৱা সময়ছোৱাতে সমগ্র দেশতে চাইকেল চলোৱাৰ এটা ট্ৰেণ্ড আৰম্ভ হৈছিল । পূৰ্বতে যাতায়াতৰ বাবে আটাইতকৈ বেছি চাইকেলেই ব্যৱহাৰ হৈছিল যদিও বৰ্তমান সময়ত অত্যাধুনিক যান-বাহনৰ ব্যৱহাৰৰ ফলত চাইকেলৰ প্ৰয়োজনীতা হ্ৰাস পাইছিল। কিন্তু লকডাউনৰ সময়ছোৱাত মানুহৰ দৈনন্দিন জীৱনত চাইকেলৰ গুৰুত্ব পুনৰ বাঢ়িবলৈ আৰম্ভ হ’ল । চাইকেলৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে চাইকেলৰ বিভিন্ন কম্পেনীয়ে সাধাৰণ চাইকেলৰ লগতে ইলেক্ট্ৰনিক চাইকেলো বিক্ৰীৰ বাবে মুকলি কৰিছে । গ’-জিৰ’ নামৰ কোম্পানিটোয়ে নতুনকৈ এখন ই-চাইকেল মুকলি কৰিছে । নতুনকৈ মুকলি কৰা এই অত্যাধুনিক ই-চাইকেলখনৰ মূল্য ১৯’৯৯৯ টকাৰ পৰা আৰম্ভ কৰি ৩৪,৯৯৯ টকা পৰ্যন্ত। উল্লেখযোগ্য যে এই চাইকেলখন অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ।