পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

পৰ্যটকৰ বাবে সুখবৰ। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য। কৰ’ণা মহামাৰীৰ বাবে পৰ্যটকৰ কাৰণে বন্ধ হৈ আছিল অভয়াৰণ্যখন। আজি অভয়াৰণ্যখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য,ৰাজ্যিক মন্ত্ৰী নৱ দলৈ,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী,এটিডিচিৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আদি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
ক’ৰনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা অভয়াৰণ্য। স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিয়ম মানি প্ৰবেশ কৰিবলৈ দিয়া হ’ব পৰ্যটকক ।