Local, Vocal, Global

কাৰ হাতলৈ আইপিএলৰ ট্ৰফী, দিল্লী নে মুম্বাই?

১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ৰোমাঞ্চ-উত্তেজনাৰে পৰিপূৰ্ণ ত্ৰয়োদশ আইপিএলৰ ৫৯খন মেচৰ সফল সামৰণি পৰিছে। ৮টা দলৰ যুঁজৰ অন্তত বাকী আছেগৈ মাত্ৰ দুটা দলৰ খিতাপৰ যুঁজ। এইবাৰ সকলো ব্যতিক্ৰম। ক’ভিড সৃষ্ট পৰিৱেশে আইপিএলৰ ৰঙেই সলনি কৰিছে। এপ্ৰিলতে আৰম্ভ গেলেৰীক সাক্ষী কৰি চলিল টি-২০ৰ ৰোমাঞ্চ। প্ৰথমবাৰ দৰ্শকে উপভোগ কৰিলে ডাবল ছুপাৰ অভাৰৰ শ্বাসৰুদ্ধকৰ উত্তেজনা। প্ৰকৃতাৰ্থত ভাৰ্ছুৱেল আইপিএল হ’লেও ক্ৰিকেটপ্ৰেমীয়ে হেঁপাহ পলুৱাই উপভোগ কৰিলে প্ৰতিযোগিতাৰ প্ৰতিখন মেচ। মুম্বাই ৪বাৰৰ চেম্পিয়ন আৰু ৫বাৰৰ ফাইনেলিষ্ট। অন্তিম যুঁজত অৱতীৰ্ণ হৈ মাত্ৰ এবাৰহে পৰাজয়ৰ মুখ দেখিছে। সেইদিশৰ পৰা মুম্বাই নিঃসন্দেহে ফেভাৰেট। ৫বাৰকৈ ফাইনেল খেলাৰ অভিজ্ঞতাৰে পুষ্ট তদুপৰি মুম্বাই এটা সম্পূৰ্ণ দল।