চীনৰ চুবুৰীয়া ক’ৰনামুক্ত দেশখন
বিশ্ববাসীয়ে জানে ক’ৰনা ক’ৰ পৰা বিয়পিছিল৷ চীনৰ পৰা বিয়পা ক’ৰনাৰ পৰা কি উন্নত, কি উন্নয়নশীল, কি ধনী, কি দুখীয়া, বিশ্বৰ সকলো দেশেই সন্মুখীন হৈছে ক্ষতিৰ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰপৰা আৰম্ভ কৰি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰি’ছ জনছনলৈকে কোনো সাৰি যাব পৰা নাই মহামাৰী ক’ৰনাৰ পৰা৷ কিন্তু ইয়াৰ মাজতো কেনেকৈ ক’ৰনা মহামাৰীৰ পৰা সাৰি গৈছে চীনৰ চুবুৰীয়া এখন দেশ৷ দেশখনৰ বাবে এয়া কেনেকৈ সম্ভৱ হ’ল? এতিয়া বিশ্ববাসীয়ে সেইয়াই ভাবি আচৰিত হৈছে৷ পূব এছিয়াত অৱস্থিত দেশখনৰ শাসকগৰাকীয়ে কৈছে তেওঁৰ দেশত হেনো এজনো ক’ৰনা আক্ৰান্ত নাই৷ দেশখন হৈছে উত্তৰ কোৰিয়া৷ উত্তৰ কোৰিয়াত নাই এজনো ক’ৰনা আক্ৰান্ত ৰোগী৷ উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনে এটা দিন পূর্বে অংশ লৈছিল এক সৈন্য পেৰেডত৷ পেৰেডটোত উপস্থিত আছিল দেশখনৰ উচ্চপদস্থ বিষয়াৰ লগতে সাধাৰণ জনতাও৷ সেই সৈন্য পেৰেডতে কিম জং উনে দেশবাসীক উদ্দেশি ক’লে যে তেওঁ অত্যন্ত সুখী কাৰণ উত্তৰ কোৰিয়াত নাই এজনো ক’ৰনা আক্ৰান্ত৷