Local, Vocal, Global

GMCH ৰ কেবিনত জন্মদিনৰ কেক কাটিলে তৰুণ গগৈয়ে

৮৬ বছৰীয়া হল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কৰনাত  আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। ক্ৰমাৎ সুস্থ হৈ উঠা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন আনুষ্ঠানিক ভাবে পাতিব নোৱাৰিলেও   GMCH তে তৰুণ গগৈক শুভেচ্ছা জনাবৰ বাবে উপস্থিত হল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,সাংসদ আব্দুল খালেক,অকণ বৰা,ৰিতুপৰ্ণ কোঁৱৰ যুব কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী আদিৰকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতা । হাতে হাতে ফুলৰ থোপা লৈ প্ৰাক্তন  মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জনাবলৈ আহিছিল যদিও চিকিৎসা চলি থকাৰ বাবে কেৱল ৰকিবুল হুছেইন,সাংসদ আব্দুল খালেক,অকণ বৰা,ৰিতুপৰ্ণ কোঁৱৰ আৰু বিপুল গগৈক হে প্ৰৱেশ কৰিবলৈ দিয়ে তৰুণ গগৈৰ কেবিনত। পিতৃ তৰুণ গগৈৰ হৈ পুত্ৰ গৌৰৱ গগৈয়ে গ্ৰহণ কৰে তৰুণ গগৈক শুভেচ্ছা জনাবলৈ অনা উপহাৰ সমুহ। ঘৰৰ পৰা অনা এটা কেক কাটি চিকিৎসা চলি থকা কেবিনতে অনুষ্টুপিয়াকৈ পালন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৮৬ সংখ্যক জন্মদিনটো।