সাৱধান হওক! এখন আলোকচিত্ৰই সম্প্ৰতি চকু কপালত তুলিছে সমগ্ৰ ৰাজ্যবাসীৰ

সাৱধান হওক! এখন আলোকচিত্ৰই সম্প্ৰতি চকু কপালত তুলিছে সমগ্ৰ ৰাজ্যবাসীৰ। গুৱাহাটী তথা ৰাজ্যৰ পৰিস্থিতি অধিক অৱনমিত। স্থান নাই হাস্পতালত, একেটা কোঠাতে দুগৰাকীকৈ চিকিৎসক।
কৰ’না আক্ৰান্তৰ ৰাজ্যত ১লাখ ২৫হাজাৰ অতিক্ৰম কৰাৰ পিছতো বৰ্তমানেও সজাগ হোৱা নাই ৰাইজ। আনলকৰ সুযোগ গ্ৰহণ কৰি মাস্ক-সামাজিক দূৰত্বক ধুলিসাৎ কৰি বিনা কাৰণত ঘৰৰ বাহিৰ ওলাই আহিছে ৰাইজ। কিন্তু শেহতীয়াকৈ এখন আলোকচিত্ৰই ৰাজ্যবাসীক চিন্তা কৰিবলৈ বাধ্য কৰাইছে। কৰ’নাত আক্ৰান্ত হৈ দুগৰাকীকৈ চিকিৎসকে একেটা কোঠাতে থাকিবলগীয়া হৈছে। ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসক ক্ৰমে ডাঃ ভৱদেব গোস্বামী আৰু ডাঃ বিৰাজ গোস্বামীয়ে একেটা কোঠাতে থাকিবলগীয়া হৈছে। আনহাতে ডাঃ বিৰাজ গোস্বামীৰ পত্নী ডাঃ তুলিকা গোস্বামী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। এই আলোকচিত্ৰই ৰাইজৰ মাজত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য।