Local, Vocal, Global

ভয়ংকৰ! ক্ৰমাৎ জটিল পৰিস্থিতিৰ দিশে অসম

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২৭৮৫ গৰাকী। উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২২৫০ গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ১০ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬৭৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২২০গৰাকী ডিব্ৰুগড়ৰ, ১৬৫ গৰাকী যোৰহাটৰ, ১২৬গৰাকী লখিমপুৰ জিলাৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ২৮হাজাৰ ২৪৪ গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৭৯৮গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ৯৯,০৭৩ গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৩৭০ গৰাকী লোকৰ।
সোমবাৰৰ দিনটোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৮,৬১১গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু সোমবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৭.২১ শতাংশ।