গোলাঘাটত চুৰিৰ অন্তত চোৰে ভাঙি থৈ গ’ল CCTV কেমেৰা

গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে। ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ আৰু মোবাইল চেণ্টাৰত চোৰৰ চাফাই অভিযান। দুয়োখন প্ৰতিষ্ঠানৰ পৰাই চুৰে লুটি নিলে প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী। উল্লেখ্য যে, ৰঙাজান অঞ্চলৰ ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত বৃহস্পতিবাৰে নিশা চোৰে তলা ভাঙে যদিও তাৰে চাৰিখন প্ৰতিষ্ঠানৰ ভিতৰৰ তলা ভাঙিব নোৱাৰিলে। বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ CCTV কেমেৰা ভাঙি প্ৰমাণ নোহোৱা কৰি উধাও হয় চোৰৰ দলটো।