ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা হত্যা, আটক তিনি চোৰাং চিকাৰী

- ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিলুপ্তপ্ৰায় দল হৰিণা হত্যা
- ঘটনাৰ লগত জড়িত তিনি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম বন সুৰক্ষাকৰ্মী
- ভয়াৱহ বানত উটি আহি বিলুপ্ত প্ৰজাতিৰ ২টাকৈ দল হৰিণাই আশ্ৰয় লৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত
- বৃহস্পতিবাৰে নিশা ৩ জনীয়া চোৰাংচিকাৰীৰ দল এটাই প্ৰৱেশ কৰিছিল উদ্যানখনত
- চোৰাংচিকাৰীয়ে নিশা হত্যা কৰে এটা দল হৰিণাক
- ঘটনা সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষই কাষৰীয়া গাঁৱত আৰম্ভ কৰে অভিযান
- ৮০ কিলোগ্ৰাম মাংসসহ আটক তিনিজন চোৰাং চিকাৰীক
- আটকাধীন চোৰাং চিকাৰী ক্ৰমে তালেব আলী,চাইদুল ইছলাম আৰু আব্দুল হক