Local, Vocal, Global

বন্যহস্তীয়ে নিদ্ৰাহৰণ কৰিছে নুমলীগড়বাসীৰ

76

নুমলীগড়ত অব্যাহত হাতী-মানুহৰ সংঘাত। নুমলীগড়ৰ নুমলীগড় চাহ বাগিচা আৰু ফলঙনী অঞ্চলত এতিয়া নিত্য-নৌমিত্তিক ঘটনাত পৰিণত হৈছে হাতী-মানুহৰ সংঘাত। এফালে মানুহ আনফালে এদল ভোকাটোৰ হাতী মাজত অব্যাহত আছে তীব্ৰ সংঘাত। দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ নিশা হলেই হাতীৰ জাকটোৱে প্ৰৱেশ কৰে জনাঞ্চলত। বিগত কেইবাদিন ধৰি হাতীৰ জাকটোৱে নুমলীগড়ৰ মুৰফুলনী,বকিয়াল, ৰংবং, ফলঙনী আদি অঞ্চলৰ বাসগৃহ ভঙাৰ লগতে তহিলং কৰিছে খেতিপথাৰ। বৃহস্পতিবাৰে নিশা ফলঙনী অঞ্চলত হাতীৰ আক্ৰমণত আহত হয় তৰাদৈ শইকীয়া নামৰ এগৰাকী মহিলা। হাতীৰ জাকতোয়ে মহিলাগৰাকীৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ। বৃহৎ হাতীৰ জাকটোক দিনৰ ভাগত চাহ বাগিচাৰ পৰা খেদি পঠাবলৈ অহৰহ চেষ্টা কৰিছে যদিও হাতীৰ জাকটো খেদি পঠিয়াৱলৈ ব্যৰ্থ হৈছে।