প্লাজমা দান কৰিলে হোজাইৰ এগৰাকী যুৱকে
হোজাই জিলাৰ লংকাৰ উদালী গাৱঁৰ এগৰাকী যুৱকে স্ব-ইচ্ছাৰে দান কৰিলে প্লাজমা । যুৱক জনৰ নাম ছাহিদ আহমেদ ।জুন মাহত মুম্বাইৰ পৰা যুৱকজন আহিছিল গুৱাহাটীলৈ । গুৱাহাটীত ক’ভিড টেষ্ট কৰাত যুৱকজনৰ ৰিজাল্ট আহিছিল কভিড ১৯ পজিটিভ । চৰকাৰী নীতি-নিয়ম অনুসৰি যুৱক জনক গুৱাহাটীৰ সৰুসজাই আৰু মেডিকেল কলেজত ৰখা হৈছিল । পুনৰ ক’ভিড টেষ্ট কৰাত নিগেটিভ অহাত হোম কোৱাৰেণ্টিনত ৰখাৰ বাবে পঠাই দিয়া হৈছিল ছাহিদ আহমেদক । ২৭ জুলাই তাৰিখে হোজাই জিলা প্ৰশাসনে প্লাজমা দান কৰিব নেকি ছাহিদক সোধাত জুলাই ২৮ তাৰিখে যুৱক জনে স্ব-ইচ্ছাৰে গুৱাহাটীৰ মেডিকেল কলেজত গৈ দান কৰে প্লাজমা । প্লাজমা দান কৰি আনন্দিত হৈ পৰে লংকাৰ উদালী গাৱঁৰ যুৱক ছাহিদ আহমেদ ।