Local, Vocal, Global

বেকী নৈৰ বানপানী আৰু গৰাখহনীয়া পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

BTAD ভ্ৰমণত অসমৰ ৰাজ্যপাল প্ৰ’ফেচাৰ জগদীশ মুখী। বৃহস্পতিবাৰে বৰপেটা আৰু বাক্সা জিলাৰ ভালেমান বান আৰু গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে ৷

ৰাজ্যপাল মুখীয়ে প্ৰথমে বৰপেটা জিলাৰ ছাফাকাৰত উপস্থিত হৈ অঞ্চলটোৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয় ৷ লগতে চুণবাৰী, বিছপানী অঞ্চললৈও গৈ গৰাখহনীয়াত ক্ষতিগ্ৰস্থ হোৱা লোক সকলৰ সৈতে বাৰ্তালাপ কৰে ৷ পিছত মথনগুৰিলৈ গৈ তাত বেঁকী নৈৰ গতি পথ পৰিদৰ্শন কৰে ৷ বাক্সা আৰু বৰপেটা জিলাৰ গৰখহনীয়া আৰু বান বিধস্ত এলেকা সমূহ পৰিদৰ্শন কৰি ৰাজ্যপাল গৰাকীয়ে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে ৷

বৃহস্পতিবাৰে আবেলি অনুষ্ঠিত হোৱা এখনি সংবাদ মেলত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে মানাহ আৰু বেকী নদীৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ২০৩ কোটি টকাৰ এখনি আঁচনি দাখিল কৰা হৈছে ৷ এইক্ষেত্ৰত আঁচনিখনৰ অনুমোদনৰ বাবে তেঁও বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি মত প্ৰদান কৰে।

ৰাজ্যপালৰ  এই পৰিদৰ্শন কালত সংগ দিয়ে BTADৰ মুখ্য প্ৰশাসক ৰাজেশ প্ৰসাদ, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, BTADৰ মুখ্য সচিব ডঃ সিদ্ধাৰ্থ সিং, বৰপেটা আৰু বাক্সা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে ভালেমান উচ্চ পদস্থ বিষয়া ৷