Local, Vocal, Global

ধনশিৰি নৈৰ কোৱাল সোঁতৰ গ্ৰাসত নৈ-পৰীয়া অঞ্চল। নিৰ্বিকাৰ বিধায়ক নোমল মমিন।

প্ৰবল গৰাখহনীয়াৰ কৱলত বোকাজান মহকুমাৰ ভিন্ন অঞ্চল। ধনশিৰি নৈৰ কোৱাল সোঁতৰ গ্ৰাসত নৈ-পৰীয়া অঞ্চল। নিৰ্বিকাৰ ৰূপত বিধায়ক নোমল মমিন।

ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ বিভীষিকাৰ সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানৰো ভিন্ন অঞ্চল এতিয়া গৰাখহনীয়াৰ কৱলত। বিগত কিছু দিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ধনশিৰি নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। তাৰেই ফলশ্ৰুতিত এতিয়া ভয়ংকৰ গড়াখহনীয়াৰ সন্মুখীন হৈছে বোকাজান। বহু কৃষকৰ কৃষিভূমি, কৃষিশস্য পথাৰ ইতিমধ্যে ধনশিৰিত জাহ যোৱাৰ ফলত বহু বিপদৰ সন্মুখীন হৈছে নৈ-পৰীয়া লোকসকল। ইতিমধ্যে বোকাজানৰ ঘৰিয়ালডুবি অঞ্চলৰ বহু বাসগৃহও ধনশিৰি নৈৰ খহনীয়াত উটি গৈছে। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ধনশিৰি নৈৰ পাৰত বাস কৰা লোক সকলৰ মাজত। খহনীয়াত গৃহহাৰা হোৱা বহুকেইটা পৰিয়ালক বোকাজান প্ৰশাসনে বোকাজান জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাসগৃহ চৌহদত অস্থায়ী ভাৱে থাকিবলৈ সুবিধা কৰি দিছে যদিও এক স্থায়ী সমাধান বিচাৰিছে এই অঞ্চলটোৰ ৰাইজে।

বোকাজান মহকুমাৰ নাওঁকতাৰ পৰা দেওপানীলৈকে ধনশিৰিৰ গড়াখহনীয়াত বহুলোকে ঘৰ-ভেটি হেৰুৱাই পথৰ ভিক্ষাৰী হোৱাও পৰিলক্ষিত হৈছে। ধনশিৰি নদীৰ ৯৮০ মিটাৰ দৈৰ্ঘ্যৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে (SOPD) আঁচনিৰ অধীনত ৭ কোটি ৫২ লাখ টকাৰ আৱন্টন দিছিল।আশ্চৰ্যকৰ কথা যে ধনশিৰি নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে টকাৰ আৱণ্টন হ’ল যদিও আজি পৰ্য্যন্ত কিন্তু কামহে আৰম্ভ নহ’ল।

বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক নোমল মমিনে গড়াখহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ গ্রহণযোগ্য তথা বিজ্ঞানসন্মত ব্যৱস্থা নাই কৰা বুলি অভিযোগ তুলিছে ঘৰিয়ালডুবি অঞ্চলৰ ৰাইজে।খহনীয়া ৰোধৰ নামত নৈৰ কোবাল সোঁতৰ মাজত কেইডাল মান বাঁহ বান্ধি দি নৈপৰীয়া লোকসকলক প্ৰতাৰণাহে কৰি আহিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে।