Local, Vocal, Global

আপুনি N95 মাস্ক ব্যৱহাৰ কৰে নেকি?

কৰ’নাৰ পৰা বাচিবলৈ ব্যৱহাৰ  কৰা  এন-৯৫ মাস্কে কাল হ’ব  পাৰে আপোনাৰ। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে সদৰি  কৰা এই বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি  এন-৯৫ মাস্কে এজন ব্যক্তি কৰ’না সংক্ৰমণৰ পৰা বচাব নোৱাৰে, বৰঞ্চ এগৰাকী কৰ’নাত আক্ৰান্ত ৰোগীৰ পৰা আনএগৰাকী সুস্থ ব্যক্তিৰ দেহলৈ ভাইৰাছবিধ বিয়পাৰ হে সম্ভাৱনা থাকে।

মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক  পৰাপক্ষত এই মাস্কবিধ ব্যৱহাৰ  নকৰিবলৈ  নিৰ্দেশনা প্ৰদান কৰিছে যে । এই নিৰ্দেশনা ইতিমধ্যে সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ স্বাস্থ্যবিভাগৰ মুখ্য সচিবলৈ প্ৰেৰণো কৰিছে। মন্ত্ৰণালয়ে ঘৰতে প্ৰস্তুত কৰা মাস্ক সকলো জনসাধাৰণক  পৰিধান কৰিবলৈ আহ্বান জনাইছে।