Local, Vocal, Global

কৰ’না সংক্ৰমণৰ মাজতেই গোলাঘাটত তীব্ৰ প্ৰতিবাদ

কৰ’না সংক্ৰমণৰ মাজতেই গোলাঘাটত এতিয়া তীব্ৰ প্ৰতিবাদ । এতিয়া কেৱল প্ৰতিবাদ অখিল গগৈৰ মুক্তিৰ দাবীত। মংগলবাৰে গোলাঘাটৰ ফৰকাটিঙতো ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। অখিল গগৈৰ মুক্তিৰ দাবীত  ফৰকাটিং ৰেলৱে জংচনৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ছাত্র সংগঠনটোৱে ।অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে ।অতি শীঘ্ৰে অখিল গগৈক কাৰাগাৰৰ পৰা মুক্ত কৰাৰ সকীয়নি দিয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ । অন্যথা গণতান্ত্ৰিক ভাৱে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিয়ে সংগঠনটোৱে।