শিল্পকৰ্মৰে ‘অসম বুক অৱ ৰেকৰ্ডছ’ত জিলিকিল যোৰহাটৰ ময়ূৰী
পেলনীয়া ইলেকট্ৰিক বাল্বত বিভিন্ন ছবি আঁকি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে টীয়ক কাকজান দুলীয়া গাঁৱৰ যুৱতী ময়ূৰী শইকীয়াই। এই শিল্পকৰ্মৰ বাবে অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছে ময়ূৰীৰ। মহেন্দ্ৰ নাথ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ কন্যা যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী ময়ূৰীয়ে বাল্বৰ ওপৰত ময়ূৰ পক্ষী, লোকবাদ্যসমূহ সুন্দৰ ভাৱে অঙ্কন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
গছৰ পাতত,চাউলত,পিল আদিত ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ময়ূৰীয়ে। ময়ূৰীয়ে তেওঁৰ সৃষ্টিৰাজি অসম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল আৰু কৰ্তৃপক্ষই ইতিমধ্যে ময়ূৰীৰ এই প্ৰতিভাক অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰাত আনন্দিত হৈ পৰিছে ময়ূৰী আৰু তেওঁৰ পৰিয়াল ।