Local, Vocal, Global

কলিয়াবৰত মালভৰ্তি গাড়ীয়ে প্ৰাণ ল’লে ২ শ্ৰমিকৰ

কলিয়াবৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা।বুধবাৰে নিশা জিৰণি লৈ থকা অৱস্থাতে গাড়ীৰ চেপাত কৰুণভাৱে মৃত্যু হয়  দুই শ্রমিকৰ।চাৰিলেনযুক্ত পথৰ কলিয়াবৰ তিনিআলিৰ পথছোৱাৰ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স কোম্পানীৰ দুই শ্ৰমিকে জিৰণি লৈ থকা অৱস্থাত কোম্পানীটোৰ এখন মালভৰ্তি গাড়ী দুই শ্ৰমিকৰ গাৰ ওপৰেৰে পাৰ হৈ যায়। গাড়ীৰ চেপাত থিতাতে মৃত্যু হয় শ্ৰমিক দুজনৰ।

মৃত শ্ৰমিক দুজন হল অৰবিন্দ বাংথাই আৰু মৃগেন তিমুং।দুয়োজনৰে ঘৰ মৰিগাঁও জিলাৰ জাগীৰোডত। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS 09 AC 2903 । ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।