Local, Vocal, Global

ৰামৰ লগত সম্পৰ্ক নাই, কৃষ্ণৰ লগতহে সম্পৰ্কঃ অজিত কুমাৰ ভূঞা

বৰপেটা জিলাৰ কলগাছিয়াত আঞ্চলিক গণ মৰ্চাৰ মত-বিনিময় অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ভাষণ প্ৰসংগত কয় যে আমাৰ ৰামৰ লগত সম্পৰ্ক নাই, কৃষ্ণৰ লগতহে সম্পৰ্ক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পৃথিৱীৰ ভিতৰত এক নম্বৰ মিছলীয়া বুলিও কটাক্ষ কৰে ভূঞাই। ইফালে শিলাদিত্যই সাহিত্যিক চৈয়দ আব্দুল মালিকক জেহাদী সম্পৰ্কে মন্তব্য কৰা সন্দৰ্ভত কয় যে, শিলাদিত্যৰ সাহিত্য সম্পৰ্কে কোনো জ্ঞান নাই, তেওঁ এজন মূৰ্খ আৰু তেওঁ যদি লাচিত বৰফুকনৰ দুটা লাইন শিলাদিত্যই গাব পাৰে তেন্তে ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি মন্তব্য কৰে ভূঞাই। আছুকে ধৰি সকলো ‘কা’ বিৰোধী সংগঠনে আঞ্চলিক গণ মৰ্চাক সমৰ্থন কৰা বুলিও দোহাৰে সাংসদ অজিত কুমাৰ ভূঞাই৷