Local, Vocal, Global

টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুগৰাকী

টীয়কৰ কাকজানত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰ অভিমুখী AS- 03A 9642 নম্বৰৰ ট্ৰাকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-03K 0388 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত দুই বাইক আৰোহী। নিহত বাইক আৰোহী দুগৰাকী ক্ৰমে লাহদৈগড় মইনাপৰীয়াৰ পৰাগ গোস্বামী আৰু ফেচুৱালৰ জনটি গগৈ। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ট্ৰাকচালক পলায়ন কৰে যদিও স্থানীয় ৰাইজে জব্দ কৰি ৰাখে ট্ৰাকখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত দুয়োজনকে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷