8years boy missing in Tingkhang : টিংখাং সন্ধানহীন ৮বছৰীয়া কিশোৰ

নিউজ ডেস্ক,৫মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
এইবাৰ টিংখাং সন্ধানহীন কিশোৰ ।টিংখাং সমষ্টিৰ দুই নং বামুনপুখুৰী গাঁৱৰ মণ্টু ঘটোৱাৰ আৰু সুনিতা ঘাটোৱাৰৰ পুত্ৰ উমেশ ঘাটোৱাৰ (৮) যোৱা ১২ মে’ৰ পৰা সন্ধানহীন হৈ আছে(8years boy missing in Tingkhang) ।
জানিব পৰা মতে, ১২ মে’ৰ সন্ধিয়া সমনীয়াৰ সৈতে বামুনপুখুৰীত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈছিল। তেতিয়াৰে পৰা সন্ধান নাই নপাম ঘুগুলনি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ উমেশ ঘাটোৱাৰৰ ।
এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ১২ মে’ৰ দিনা এজন অচিনাকি লোকৰ সৈতে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। উমেশক প্ৰলোভন অথবা অপহৰণ কৰি লৈ গৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।