Local, Vocal, Global

এদিনীয়া নৱজাতক কন্যা সন্তানক পানীত পেলাই দিলে নিষ্ঠুৰ পিতৃ মাতৃয়ে

মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা। ঘটনাৰ বিৱৰণ শুনিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ।

শিক্ষিত সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে অভয়াপুৰীৰ টাপাট্টাৰীত । এদিনীয়া নৱজাতক কন্যা সন্তানক পানীত পেলাই দিলে নিষ্ঠুৰ পিতৃ মাতৃয়ে।

অবৈধ মাতৃত্ব বোজা সহিব নোৱাৰাৰ ভয়ত  এদিনীয়া নৱজাতক কন্যা সন্তানক গলত চেপি হত্যা কৰাৰ সন্দেহ।

 

প্ৰাপ্ত তথ্য অনুসৰি, অভয়াপুৰীৰ টাপাট্টাৰী ব্লকৰ কাষতে থকা ফিচাৰি এটাত নিশা অচিনাকী লোকে নৱজাতক কন্যা সন্তানটিক পেলাই থৈ যায়। পুৱা স্থানীয় লোকে পানীত উপঙি থকা অৱস্থাত নৱজাতক কন্যা সন্তানটিক পৰিলক্ষিত কৰে আৰু আৰক্ষীক অৱগত কৰে হয়।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃৎ নৱজাতক কন্যা সন্তানটিক উদ্বাৰ কৰে।