Local, Vocal, Global

উপ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু অখিল গগৈ

উপ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু অখিল গগৈৰ ৰাইজৰ দল। আজি গোলাঘাটত স্পষ্ট কৰিলে এই কথা।উজনিত সকলো বিৰোধী ৰাজনৈতিক দলতকৈ ৰাইজৰ দল এখোজ আগত আছে বুলিও মন্তব্য অখিল গগৈৰ। উজনিত উপ নিৰ্বাচনত মিত্ৰ শক্তিৰে এটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আগবঢ়োৱাৰ মন মেলিছে অখিল গগৈয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাক অভিশাপ যাত্ৰা আখ্যা অখিলৰ।অখিল গগৈয়ে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব গ্ৰহণ নকৰে,এইকথাও আজি স্পষ্ট কৰিলে গোলাঘাটত।অৱশ্যে তৃণমূল কংগ্ৰেছৰে ৰাইজৰ দল মিত্ৰতাত থকাৰ পোষকতা কৰে অখিল গগৈয়ে  । গোলাঘাট টেঙানীত এখন সভাত অংশগ্ৰহণ কৰিব আহি গোলাঘাটত সাংবাদিকৰ আগতে এনেদৰে মন্তব্য আগবঢ়াই শিৱসাগৰ বিধায়ক অখিল গগৈয়ে