Local, Vocal, Global

77th Independence Day : নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ ১৯ গৰাকী বিশেষ অতিথিয়ে

নিউজ ডেস্ক, ১৪ আগষ্ট : কাইলৈ অৰ্থাৎ মঙলবাৰে দেশবাসীয়ে পালন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস (77th Independence Day ) ৷ মঙলবাৰে উদযাপন হ’বলগীয়া ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ বাবে দিল্লীত বিস্তৃত ব্যৱস্থা কৰা হৈছে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আনবাৰৰ দৰেই প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব (National Flag of India Lal Qila Delhi) । কিন্তু এইবাৰৰ স্বাধীনতা দিৱস কিছু ক্ষেত্ৰত পূৰ্বতকৈ ব্যতিক্ৰম হ’ব । কাৰণ এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ ১৮শ লোকক ‘বিশেষ অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে (Independence Day Special Guests)।

এইসকল বিশেষ অতিথিৰ হৈছে ‘ভাইব্ৰেণ্ট ভিলেইজ’ৰ (vibrant village) গাঁওপ্ৰধান, কোনোবাজন শিক্ষক, কোনোবাগৰাকী নাৰ্ছ (Nurse), কোনোবাগৰাকী কৃষক (farmer), কোনোবাগৰাকী মাছমৰীয়া (Fisherman), কোনোবাগৰাকী কুমাৰ, কোনোবা গৰাকী শ্ৰমিক (Worker) বা আন কোনো বৃত্তিৰ সৈতে জড়িত লোক । চেন্ট্ৰেল ভিষ্টা প্ৰকল্প (Central Vista Project), অমৃত সৰোবৰ (Amrit Sarovar), হৰ ঘৰ জল (Har Ghar Jal) আদি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী প্ৰকল্পসমূহত কাম কৰা বহু কেইগৰাকী শ্ৰমিকো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ‘বিশেষ অতিথি’ৰ তালিকাত আছে ।

স্বাধীনতা দিৱসৰ বিশেষ অতিথিৰ তালিকাত স্থান পোৱা এইসকল লোকে যিকোনো প্ৰকাৰে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । চৰকাৰৰ ‘জন সাধাৰণৰ অংশগ্ৰহণ কাৰ্যসূচী’ৰ অধীনত এইসকল লোকক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আমন্ত্ৰণ জনোৱা হৈছে (Public Participation Plan)।

উল্লেখ্য যে, দেশৰ ১৮০০ ‘বিশেষ অতিথি’ৰ দীঘলীয়া তালিকাখনত অসমৰ ১৯ গৰাকী লোকেও স্থান পাইছে (Independence day Special guests) । অৰ্থাৎ অসমৰ ১৯ গৰাকী ‘বিশেষ অতিথি’ এইবাৰৰ স্বাধীনতা দিৱসত লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কৰা পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকিব । এইসকল ‘বিশেষ অতিথি’য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ পোনপটীয়াকৈ শুনিব পাৰিব।

অসমৰ পৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আমন্ত্ৰণ লাভ কৰা অতিথি সকলৰ ভিতৰত আছে নলবাৰীৰ অনামিকা ভূঞা । উল্লেখ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰী অনামিকা ভূঞাই ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিবলৈ পোৱা আমন্ত্ৰণৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছে ।

অসমৰ পৰা আমন্ত্ৰণ লাভ কৰা আন এগৰাকী ব্যক্তি হৈছে গুৱাহাটীৰ মৃৎশিল্পী মহানন্দ কুমাৰ । মহানন্দ কুমাৰে স্বাধীনতা দিৱসৰ ‘বিশেষ অতিথি’ হ’বলৈ পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি ক’লে ‘অঞ্চলটোৰ সকলো মৃৎশিল্পীৰ বাবেই এয়া গৌৰৱৰ বিষয়।

আনহাতে গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীমতী চম্পা সিনহাও এইবাৰৰ স্বাধীনতা দিৱসত ‘বিশেষ অতিথি’ হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে । চম্পা সিনহাই এই সন্মান লাভ কৰি ক’লে- ‘‘এয়া ডাঙৰ সন্মান, আৰু গুৱাহাটী মণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শিক্ষক হিচাপে গৌৰৱ অনুভৱ কৰিছো। শিক্ষকসকলক ৰাষ্ট্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হোৱা বাবে আহ্লাদিত হৈছো । ইয়াৰ লগে লগে শিক্ষক সকল ওপৰত এখ গধুৰ দায়িত্বও আহি পৰিছে।’’

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ পৰা আমন্ত্ৰণ লাভ কৰা আন এগৰাকী ‘বিশেষ অতিথি’ যোৰহাটৰ কমাৰশিল্পী শ্ৰী ৰিদীপ কুমাৰ দত্ত। দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ কমাৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ পাই সুখী হৈ পৰিছে কমাৰশিল্পী ৰিপদীপ কুমাৰ দত্ত।

অসমৰ পৰা আমন্ত্ৰতি অতিথিৰ তালিকাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোঁজনাৰ চাৰি গৰাকী হিতাধিকাৰীয়ে স্থান পাইছে । ইয়াৰ মাজত নগাঁৱৰ শিল্পী হিৰণ্য বনিয়াও আছে । এই কেইগৰাকী ‘বিশেষ অতিথি’ৰ লগতে অসমৰ পৰা আমন্ত্ৰিত হৈছে মুঠ ১৯ গৰাকী ‘বিশেষ অতিথি’।

লহতে পঢ়ক : 77th Independence Day: স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাসহ তিনি বিদ্ৰোহী সংগঠনৰ