Local, Vocal, Global

Conjunctivitis: আপোনাৰ শিশুটিক কঞ্জাক্টিভাইটিছ বা আই ফ্লুৰ পৰা কেনেদৰে বচাই ৰাখিব

নিউজ ডেস্ক, ১৪ আগষ্ট : সম্প্ৰতি দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কঞ্জাক্টিভাইটিছ বা আই ফ্লুয়ে। এই ভাইৰাছে আক্ৰমণ কৰিছে বহু লোকক । এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়ত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা(Conjunctiviti)। ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে । এই ভাইৰাছে সমান্তৰালকৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ মাজত অতি দ্ৰুততাৰে বিয়পিছে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে চকুৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে। যাৰ বাবে অভিভাৱকসকল চিন্তিত হৈ পৰিছে। আই ফ্লু হ’লে চকুত জ্বলা-পোৰা, বিষ, ৰঙা পৰা আদিৰ দৰে সমস্যাই দেখা দিয়ে। এই চকুৰ ৰোগ এলাৰ্জিৰ ফলতো হয় বুলি জানিব পৰা গৈছে ।

আই ফ্লুৰ হোৱাৰ বিভিন্ন কাৰণ কাৰণ আছে তাৰে ভিতৰত হৈছে

আই ফ্লু প্ৰথমে এটা চকুত হয় আৰু ইয়াৰ পৰা দুয়োটা চকুলো বিয়পি যায় । সাধাৰণতে বাৰিষাৰ সময়ত বতাহৰ জৰিয়তে সংক্ৰমণ বিয়পোৱা বীজাণু আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। আই ফ্লু এটা সংক্ৰামক ৰোগ আৰু ই এটা পৃষ্ঠৰ পৰা আন এটা পৃষ্ঠলৈ বিয়পি পৰে, গতিকে যিকোনো বস্তু স্পৰ্শ কৰাৰ আগতে হাত ভালদৰে পৰিষ্কাৰ কৰি লওক আৰু চকু স্পৰ্শ কৰাৰ আগত হাত দুখন ভালদৰে চাফা কৰি লওক ।

আই ফ্লু হ’লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে জানো আহক

সাধাৰণে আই ফ্লু হ’লে চকুৰ তীব্ৰ বিষ হোৱাৰ আৰম্ভ কৰে আৰু চকু ৰঙা পৰা,চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায় আৰু খজুৱতি আৰম্ভ কৰে , দৃষ্টিশক্তি ম্লান হৈ পৰে ।

এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হ’লে আপুনি

পৰিষ্কাৰ ঠাণ্ডা পানীৰে বাৰে বাৰে চকু ধুব লাগে। চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসাকে দিয়ে ঔষধ ব্যৱহাৰ কৰক ।পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ক। হাত নোধোৱাকৈ চকু স্পৰ্শ নকৰিব ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। চকুৰ ফ্লু ৰোগীৰ পৰা দূৰত থাকক। আপুনি ব্যৱহাৰ কৰা টাৱেল, কাপোৰ, চাদৰ, চশমা, মেকআপ প্ৰডাক্ট, চকুৰ টোপাল পৃথকে পৃথকে ৰাখক। চকুৰ পতা বাৰে বাৰে চকু টিপিয়াই থাকিব।বৰষুণত তিতাৰ পৰা দূৰত থাকক। সৰু ল’ৰা-ছোৱালীয়ে হাত সঘনাই ধুই দিব। শিশুৱে বাৰে বাৰে চকুত হাত ফুৰাৰ পৰা দূৰত ৰাখক ।

শিশুসকলক তেওঁলোকৰ কোনো ব্যক্তিগত সামগ্ৰী কাৰো সৈতে ভাগ বতৰা নকৰিব বাবে পৰামৰ্শ দিয়ক। বিশেষকৈ নেপকিন বা ৰুমাল। কোনো বন্ধুয়ে যদি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে তেন্তে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ দিব। শিশুটোক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁলোকক পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যত্ন লওক। যদি তেওঁলোক বাহিৰৰ পৰা আহে, প্ৰথমে হাত ধুবলৈ দিব।ইয়াৰ বাহিৰেও তেওঁলোকক সময়ে সময়ে হাত চেনিটাইজ কৰিবলৈ ক’ব।

শিশুটোক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ আহাৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি তেওঁলোকক ফল-মূল, সেউজীয়া পাচলি আৰু প্ৰ’টিন জাতীয় খাদ্য বেছিকৈ খাবলৈ দিব। কিয়নো স্বাস্থ্যকৰ খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।আপুনি আপোনাৰ শিশুটিক খেলিবলৈ বাহিৰলৈ যাবলৈ নিদিব।

যদি আপোনাৰ চকুত এই লক্ষণৰ যিকোনো এটাও আপোনাৰ সন্তানৰ তাত দেখা দিয়ে,তেন্তে লগে লগে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাব আৰু চিকিৎসকৰ পৰামৰ্শ ল’ব ।

লগতে পঢ়ক : Health Benefits of Ginger: ৰাতিপুৱা খালী পেটত খাওঁক আদাৰ ৰস, ইয়াৰ যথেষ্ট উপকাৰিতা আছে