অৰুণাচলৰ দুই যুৱকে ভাং বিচাৰি ভাঙিলে বৃদ্ধাৰ ঘৰ
জামুগুৰিহাটৰ সমীপৰ বালিজুৰিত ভাঙৰ ৰাগীত তাণ্ডৱ অৰুণাচলী যুৱকৰ ৷ গাড়ীসহ দুই যুৱক গ্ৰেপ্তাৰ আৰক্ষীৰ৷
মদ, ভাঙ, ড্ৰাগছত আসক্তহৈ এচাম যুৱকে সমাজত প্ৰায়ে উশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বহু অমানবীয় ঘটনা সংঘটিত হৈ আহিছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ সমীপবৰ্ত্তী বালিজুৰিত ৷
দুজন অৰুণাচলী যুৱকে ভাঙ বিছাৰি আহি খাবলৈ নেপায় এজন লোকৰ ঘৰ ভাঙি দিয়ে বালিজুৰিত ৷ শণিবাৰে পূৱা বালিজুৰিস্থিত এজন বৃদ্ধৰ ঘৰত সোমাই অৰুণাচলী যুৱক দুজন ভাঙৰ ৰাগীত মাতালহৈ আন দিনাৰ দৰে ভাং বিছাৰে ৷
বৃদ্ধ গৰাকীয়ে ভাং নাই বুলি কোৱাত যুৱক দুজনে খঙত জ্বলি-পকি বৃদ্ধক মাৰিবলৈ চোচা লোৱাৰ লগতে ভাঙিদিয়ে ঘৰৰ খুটা ৷
পিছত স্থানীয় ৰাইজে যুৱক দুজনক আৱদ্ধ কৰি ইটাখোলা আৰক্ষীক খবৰ দিয়ে ৷ ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যুৱক দুজনক আটক কৰাৰ লগতে তেওঁলোকে লৈ অহা এখন বলেৰ পিকআপ ভেনো জব্দ কৰে ৷
গাড়ীৰ ভিতৰত আৰক্ষীয়ে বুজন পৰিমানৰ ভাঙৰ পেকেট উদ্ধাৰ কৰে ৷ আটকাধীন যুৱক দুজনৰ নাম ৱাংজিদ ৱাংচন আৰু কাৰ্চা ডলৈ আৰু দুয়োৰে ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে ৷