Local, Vocal, Global

এগৰাকী যুৱতীক যৌতুকৰ বাবেই স্বামীয়ে হত্যা কৰাৰ অভিযোগ

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী শিমলীতোলা কামাৰপোতা (হেপচাপাৰা)ত চাঞ্চল্য । গাঁৱখনৰ পৰা বঙাইগাঁও বিজনী অঞ্চলত বিয়া দিয়া এগৰাকী যুৱতীক যৌতুকৰ বাবেই স্বামীয়ে হত্যা কৰাৰ অভিযোগ ।

 

জানিব পৰা মতে শিমলীতোলা আৰক্ষী চকীৰ অধীনস্থ গাঁৱখনৰ দিলবৰ আলীৰ কন্যা দিলজান খাতুন (জ্যোৎস্না ভানু)ক প্ৰায় ডেৰ বছৰৰ পূৰ্বে বঙাইগাঁও বিজনী অঞ্চলৰ আইনুল আলীৰ পুত্ৰ লালচান্দৰ সতে বিয়া দি উলিয়াই দিছিল ।

 

বিয়াৰ পাছৰে পৰা জোঁৱায়েক লালচান্দে শহুৰ পক্ষৰ পৰা টকা বিচাৰি পত্নীক অকথ্য নিৰ্যাতন চলাই আহিছে ,আনকি ইতিমধ্যে আদায়ো লৈছে নগদ এক লাখ ।

 

শেহতীয়াকৈ পুনৰ টকা আৰু ভেটিটোৰ আধা মাটি দাবী কৰে শহুৰেকৰ পৰা ,পিছে দিব নোৱাৰাৰ বাবেই পত্নী দিলজানক প্ৰাণে মাৰি ডিঙিত ৰচী লগাই  আৰি থোৱাৰ অভিযোগ উত্থাপন হৈছে লালচান্দৰ বিৰুদ্ধে ।

 

লালচান্দ সম্প্ৰতি কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলা পাচিঘাট অঞ্চলৰ ভাড়াঘৰত থাকে ,আনহাতে দিলজানৰ পিতৃ পৰিয়ালক এইবাৰ আকৌ মৃতদেহ পাবলৈ হ’লে পুনৰ ৭০ হাজাৰৰ চৰ্ত বান্ধি দিছে লালচান্দে ।

 

অসম আৰক্ষীক শীঘ্ৰে মহিলা গৰাকীৰ মৃতদেহ পাচিঘাটৰ পৰা  দুখীয়া পিতৃ পৰিয়ালক পোৱাৰ দিহা কৰিবলৈ কাতৰে আহ্বান জনাইছে পিতৃ পৰিয়ালৰ লগতে গাঁৱবাসীয়ে ।