Local, Vocal, Global

গুৱাহাটী পালেহি তৃতীয়খন আন্তৰ্জাতিক বিমান

দীৰ্ঘ লকদাউনৰ পিছত গুৱাহাটীত উপস্থিত হৈছেহি তৃতীয়খন আন্ত:ৰাষ্ট্ৰীয় বিমান।
ইউক্ৰেইনৰ পৰা দিল্লী হৈ বৰঝাৰ বিমান বন্দৰত অৱতৰন কৰেহি এয়াৰ ইণ্ডিয়াৰ বিমানখনে।
বন্দে ভাৰত অভিযানৰ অন্তৰ্গত বিমানখনত আহিল ইউক্ৰেইনত আৱদ্ধ ৬৭ গৰাকী প্ৰবাসী লোক।
মাজনিশা ২:৩০ বজাত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰন বিমানখনৰ। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে ক’ভিড প্ৰ’টকল মতে স্বাস্থ্য পৰীক্ষাৰ অন্তত যাত্ৰীসকলৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা। ইয়াৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছিল কুৱেইট আৰু ৰাচিয়াৰ পৰা অহা দুখনকৈ আন্ত:ৰাষ্ট্ৰীয় বিমান।