Local, Vocal, Global

ধুমুহাৰ পিছত বৰষুণ, জলমগ্ন মুম্বাই

সাগৰীয় ধুমুহা নিসৰ্গৰ তাণ্ডৱৰ পিছত এতিয়া প্ৰবল বৃষ্টিপাতৰ কবলত পৰিছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ। বুধবাৰৰ নিশাৰ পৰাই মুম্বাইত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত। ফলত মায়ানগৰীৰ বিস্তীৰ্ণ অঞ্চল হৈ পৰিছে জলমগ্ন। বতৰ বিজ্ঞান প্ৰতিষ্ঠানে পৰবৰ্তী ২৪ ঘণ্টালৈ সমগ্ৰ মহাৰাষ্ট্ৰত বৃষ্টিপাত অব্যাহত ৰ’ব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে।