Local, Vocal, Global

4 Killed in RTC Bus Accident near Konaseema : দ্ৰুতবেগী বাছৰ খুন্দা ট্ৰেক্টৰত ফলত নিহত চাৰিজন লোক

নিউজ ডেস্ক,১৫মে’ : দ্ৰুতবেগী বাছৰ খুন্দা ট্ৰেক্টৰত ফলত নিহত চাৰিজন লোক ।

অন্ধ্ৰ প্ৰদেশৰ কোনাসীমা জিলাত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা ৷ মঙলবাৰে নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা(4 Killed in RTC Bus Accident near Konaseema) ।

জানিব পৰা মতে, অন্ধ্ৰ প্ৰদেশৰ পি গন্নাভাৰাম মণ্ডলৰ অন্তৰ্গত উদিমুদি গাঁৱৰ সমীপত এখন দ্ৰুতবেগী বাছে ট্ৰেক্টৰত খুন্দা মাৰে ফলত নিহত হয় চাৰিজন ৷

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, পথ পৰিবহণ নিগমৰ (আৰটিচি) বাছখনে শ্ৰমিক কঢ়িয়াই আনিছিল ৷

এই দুৰ্ঘটনাত ঘটনাস্থলীতে তিনিজন লোকৰ মৃত্যু হয় যদিও চিকিৎসালয়লৈ যোৱাৰ পথত আন এজন লোকৰ মৃত্যু হয় ৷ সম্প্ৰতি আহতসকলক কোঠাপেটা চৰকাৰী চিকিৎসালয়ত ৰখা হৈছে লোককেইজনক৷ মৃত লোককেইজন ক্ৰমে নুকাপল্লী শিৱ (৩৫), বচামছেট্টি সূৰ্য প্ৰকাশ (৫০), বীৰী কাটলায়া (৪৫), আৰু চিলাকলাপুদি পাণ্ডা (বয়স অজ্ঞাত) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Tragic Accident in Nazira : নাজিৰাত শোকাৱহ দুৰ্ঘটনা;নিহত এজন,গুৰুতৰভাৱে আহত দুজন